মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

নিৰ্দ্ধাৰিত পাঠ্য

এইটো এটা সঁচা কথা যে যদিহে এজন ছাত্ৰই তেওঁৰ চাৰিওফালে থকা জগতখনৰ পৰা জীৱনৰ উচিত শিক্ষা লাভ নকৰে, তেন্তে তিনি বছৰীয়া পাঠ্যক্ৰম এটা পঢ়ি কোনোৱে এজন ডাঙৰ চলচ্চিত্ৰ নিৰ্মাতা বা অতি উত্তম অভিনেতা হব নোৱাৰে। ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানে ইয়াৰ সঠিক আঁচনিৰে পাঠ্যক্ৰম সজাই ইয়াৰ ভিতৰলৈ চাবলৈ বুলি খিৰিকি এখন খুলি দিছে, যাতে তেওঁলোকে নিজৰ পচন্দৰ এটা সৃষ্টিশীল পথ লব পাৰে।

বৰ্তমানে ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানে  নিম্নোক্ত চাৰিটা পাঠ্যক্ৰম আগবঢ়াইছেঃ

            (১) অডিঅগ্ৰাফি আৰু শব্দ ইঞ্জিনিয়াৰিং (৩ বছৰীয়া ডিপ্লোমা কোৰ্চ) 

            (২) ছায়া ছবি ফটোগ্ৰাফি (৩ বছৰীয়া ডিপ্লোমা কোৰ্চ) 

            (৩) চলচ্চিত্ৰ আৰু ভিডিঅ সম্পাদনা (৩ বছৰীয়া ডিপ্লোমা কোৰ্চ) 

            (৪) প্ৰায়োগিক অভিনয় (Applied Acting) (চলচ্চিত্ৰ আৰু টি.ভি.) (এবছৰীয়া চাৰ্টিফিকেট কোৰ্চ)

            (বিশদ বিৱৰণীৰ বাবে প্ৰতিষ্ঠানৰ পুস্তিকা আৰু অনুষ্ঠান পত্ৰত চাব পাৰে)

এই কোৰ্চকেইটাৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা নিম্নোক্ত ধৰণৰ –

            (১) অডিঅগ্ৰাফি আৰু শব্দ ইঞ্জিনিয়াৰিং (১০+২) বা পদাৰ্থ বিজ্ঞান, ৰসায়ন আৰু গণিত বিদ্যাৰ সৈতে সমপৰ্যায়ৰ।

            (২) ছায়া ছবি ফটোগ্ৰাফি (১০+২) বা পদাৰ্থ বিজ্ঞান, ৰসায়ন আৰু গণিত বিদ্যাৰ সৈতে সমপৰ্যায়ৰ।

            (৩) চলচ্চিত্ৰ আৰু ভিডিঅ সম্পাদনা (১০+২) বা যিকোনো বিষয় লৈ সমপৰ্যায়ৰ।

            (৪) প্ৰায়োগিক অভিনয় (চলচ্চিত্ৰ আৰু টি.ভি.) (১০+২) বা যিকোনো বিষয় লৈ সমপৰ্যায়ৰ।

বৰ্তমান ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানত প্ৰতিটো বিভাগতে ১১খনকৈ আসন আছে। ইয়াৰে ভিতৰত অসম চৰকাৰৰ নিয়ম মতে অসমৰ ছাত্ৰৰ বা ৪খন, প্ৰতিটো বিভাগতে ১খনকৈ, আন ৭খন উত্তৰ পূবৰ ৰাজ্যৰ বাবে সংৰক্ষিত হৈ আছে। উত্তৰ পূৰ্বাঞ্চলৰ (অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা) নাগৰিকে এই কোৰ্চকেইটাৰ বাবে আবেদন কৰিব লাগে।

            প্ৰতিখন ৰাজ্যৰে কাৰিকৰী শিক্ষা সঞ্চালকালয়ে (DTE) সেই ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰৱেশকা পৰীক্ষা পাতে। অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰৱেশিকা পৰীক্ষা মাত্ৰ DTE, প্ৰতিটো বিভাগতে এজনতকৈ বছি হয়, তেতিয়াহে প্ৰৱেশিকা পৰীক্ষাৰ কথা আহিব। অন্যথা ছাত্ৰ-ছাত্ৰীবিলাকে DTE কাৰ্যালয়লৈ পোনে পোনে আবেদন পঠাব পাৰে। ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানৰ শিক্ষাৰ মাধ্যম ইংৰাজী। বাৰ্ষিক মাচুল, ভৰ্তি মাচুল আৰু পৰীক্ষাৰ মাচুলকে ধৰি প্ৰতি বছৰে প্ৰায় ৩০,০০০ (ত্ৰিশ হাজাৰ) টকা।