মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

বুৰঞ্জী

  • যোৱা বিংশ শতিকাৰ কেইটামান বছৰত আঞ্চলিক চলচ্চিত্ৰ উদ্যোগত সুপ্ৰশিক্ষিত চলচ্চিত্ৰ কাৰিকৰী লোকৰ বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য কৰি জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ) সন্থাৰ গভৰ্ণিং ব’ডিয়ে জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅৰ ভিতৰতে এখন চলচ্চিত্ৰ প্ৰতিষ্ঠান স্থাপন কৰিবলৈ আয়োজন কৰে। এই সংক্ৰান্তত সন্থাই অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা TEC.131/96/22 তাৰিখ দিশপুৰ, ১৪ ডিচেম্বৰ,৯৮ নং চিঠি মৰ্মে প্ৰতিষ্ঠানখন আৰম্ভ কৰিবলৈ আনুষ্ঠানিক অনুমতি লাভ কৰে আৰু তেনেদৰে জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (JCFTI) খন ১৯৯৯ চনৰ ১৭ জানুৱাৰীত প্ৰতিষ্ঠা কৰা হয়।

                ২০১১ চনলৈ জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ) সন্থাই এই প্ৰতিষ্ঠানটো চলাবলৈ প্ৰয়োজন হোৱা অডিঅ-ভিজুৱেল সামগ্ৰীৰ পৰা আৰম্ভ কৰি আন সকলো প্ৰয়োজনীয় বস্তু স্বাভাৱিক ভাৱে দি আছিল। ২০১১ চনত এই প্ৰতিষ্ঠানখন দুভাগ হৈ ষ্টুডিঅৰ পৰা আঁতৰি আহি সম্পূৰ্ণ চৰকাৰী স্বীকৃতি লৈ আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (RGFTI) নাম লয়। পিছত আকৌ ২০১৬ চনত অসম চৰকাৰে এই প্ৰতিষ্ঠানখনৰ নাম ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান বুলি নতুনকৈ নামাকৰণ কৰে।

                কেইবাবছৰো ধৰি উত্তৰ-পূব ভাৰতত ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানেই একমাত্ৰ এনেকুৱা প্ৰতিষ্ঠান আছিল। চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ শিক্ষা আৰু প্ৰগ্ৰেম প্ৰযোজনাৰ বাবে এইখনেই অত্যুত্কৃষ্ট প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে চলচ্চিত্ৰ নিৰ্মাণৰ বাবে চলচ্চিত্ৰ শিক্ষাৰ বিভিন্ন প্ৰায়োগিক দিশৰ প্ৰশিক্ষণ দি চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ছাত্ৰসকলৰ সামূহিক উন্নয়নৰ ওপৰত জোৰ দিয়ে, যিটো কাৰণত দেশৰ আগশাৰীৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানসমূহৰ ভিতৰত এই প্ৰতিষ্ঠানখনো আছে। ছবি উদ্যোগৰ অতিথি প্ৰবক্তাক নিমন্ত্ৰণ কৰি, ষ্টুডিঅ আৰু লেবৰেটৰীত নিয়মীয়া পৰিদৰ্শন কৰি, কৰ্মশালা আৰু আলোচনাচক্ৰ অনুষ্ঠিত কৰি আৰু চলচ্চিত্ৰ মহোত্সৱত উপস্থিত থাকি ছবি উদ্যোগ আৰু প্ৰতিষ্ঠানৰ এক অন্তৰংগ সংযোগ নিশ্চিত কৰা হয়।