মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

লক্ষ্য আৰু কৰ্ম

  • (১) চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰগ্ৰেম প্ৰযোজনাৰ সকলোবিলাক গঢ়-গতিৰ ওপৰত আৰু লগতে আন আন বিষয়ে প্ৰশিক্ষণ দিয়া।
    (২) নিৰ্দ্ধাৰিত পাঠ্যক্ৰম সম্পূৰ্ণ কৰি পৰীক্ষাত কৃতকাৰ্যতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক ডিপ্লোমা আৰু চাৰ্টিফিকেট প্ৰদান কৰা।
    (৩) চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰগ্ৰেম প্ৰযোজনাৰ আঁচনিৰ বিভিন্ন দিশত গৱেষণা কৰাত সকলো সুবিধা প্ৰদান।
    (৪) উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শন উদ্যোগৰ কলা-কুশলীসকলৰ কাম-কাজত সকলো প্ৰকাৰে সহযোগ কৰা।
    (৫) উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ শিক্ষাৰ মানদণ্ড উচ্চমান বিশিষ্ট কৰিবলৈ নিম্ন স্নাতক আৰু স্নাতকোত্তৰ স্তৰত চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ সকলো শাখাতে উন্নত শিক্ষণ পদ্ধতি প্ৰয়োগ কৰা।
    (৬) আঞ্চলিক চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰগ্ৰেমসমূহ নান্দনিক দিশত সন্তোষজনক আৰু গ্ৰহণযোগ্য কৰি তুলিবলৈ কাৰিকৰী দিশটোৰ উন্নয়নৰ ওপৰত অহৰহ কাম কৰি যোৱা।
    (৭) উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শন উদ্যোগত বৰ্দ্ধিত চাহিদা অনুসৰি প্ৰশিক্ষিত জনশক্তিৰ সৃষ্টি কৰা।
    (৮) এই মাধ্যমটোৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়ে অকল মনোৰঞ্জনৰ আহিলাই নহয়, শিক্ষা আৰু নান্দনিকতা বোধৰো সৃষ্টি কৰিব পাৰে, তাৰ বাবে আহি থকা চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰজন্মক তেনে ধৰণৰ ছবি নিৰ্মাণৰ বাবে সজাগ কৰা।
    (৯)ৰিফ্ৰেচাৰ্ছ কোৰ্চ, ছামাৰ স্কুল আৰু তেনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি দেশ-বিদেশৰ অভিজ্ঞ আৰু গৱেষকসকলক নিমন্ত্ৰণ কৰি বক্তৃতা/গৱেষণাৰ কাম কৰা ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ লক্ষ্য পূৰণৰ অৰ্থে চৰকাৰী/বেচৰকাৰী সন্থা আৰু আন আন সন্থাক সহায়-সহযোগিতা কৰাৰ বাবে চেষ্টা কৰা।