মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

পুথিভঁড়াল

  • আমাৰ পুথিভঁড়াল:

    পুথিভঁড়াল তত্ত্বাৱধায়ক – অনুপ হাজৰিকা

    সহকাৰী তত্ত্বাৱধায়ক – মৃদুস্মিতা সাধনীদাৰ

    ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পুথিভঁড়ালত বিভিন্ন বিষয়ৰ যেনে অডিঅগ্ৰাফী আৰু ছাউণ্ড ইঞ্জিনীয়াৰিং, ফিল্ম এণ্ড ভিডিঅ এডিটিং, মোচন পিকচাৰ ফটোগ্ৰাফী, ভিডিঅ আৰু ষ্টীল ফটোগ্ৰাফী, অভিনয়, মঞ্চ, চলচ্চিত্ৰ নিৰ্দেশনা, সঙ্গীত, পোহৰ, সাহিত্য আদিৰ ওপৰত ইংৰাজী, হিন্দী, বেংগলী আৰু অসমীয়া ভাষাত লেখা ৮৫৮খন পুথি আছে। এই কিতাপবিলাকৰ উপৰিও ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পুথিভঁড়ালত ৩৬২খন বিশ্বৰ ধ্ৰুপদী, ভাৰতীয় ধ্ৰুপদী, হলিউড আৰু বলিউডৰ বাণিজ্যিক, বেংগলী, অসমীয়া, ইৰাণীয়ান, কোৰিয়ান, জাপানী, লেটিন আমেৰিকাৰ ছবি বিস্তৃতভাৱে DVD আৰু CD আকাৰে পোৱা যায়। ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানে পুথিভঁড়ালত অয়াৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ই-লাইব্ৰেৰীৰ ব্যৱস্থাও কৰিছে।

    ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পুথিভঁড়ালত বৰ্তমান এইকেইখন বাতৰি কাকত আৰু আলোচনী আছে-

    দৈনিক বাতৰিকাকত

    দি টাইমছ্ অব ইণ্ডিয়া (ইংৰাজী)
    দি আছাম ট্ৰিবিউন (ইংৰাজী)
    আমাৰ অসম (অসমীয়া)

    সাপ্তাহিক বাতৰি কাকত

    এম্প্লয়মেণ্ট নিউজ (ইংৰাজী)
    অসম বাণী (অসমীয়া)

    আলোচনী আৰু পত্ৰিকাৰ নাম

    ইণ্ডিয়া টু-ডে (ইংৰাজী)
    গৰিয়সী (অসমীয়া)
    প্ৰান্তিক (অসমীয়া)

    ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পুঁথিভঁড়ালৰ নিয়ম-নীতি মতে এই প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে পুথিভঁড়ালৰ পুথি আৰু শ্ৰাৱ্য-দৃশ্যৰ সঁজুলিসমূহ ব্যৱহাৰ কৰিব পাৰে। বহিৰাগত লোকে গৱেষণা নাইবা চলচ্চিত্ৰ সম্পৰ্কীয় বিষয়ে কিবা পুথি, আলোচনী নাইবা বাতৰি পঢ়িবলৈ ইচ্ছা কৰিলে পুথিভঁড়ালৰ ভিতৰতে চাব পাৰিব।