মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

আঞ্চলিক চৰকাৰী বোলছবি আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ বিষয়ে

  • ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী বোলছবি আৰু দূৰদৰ্শন প্ৰতিষ্ঠানটি (পূৰ্বৰ জ্যোতি চিত্ৰবন বোলছবি আৰু দূৰদৰ্শন প্ৰতিষ্ঠান) ১৯৯৯ চনৰ জানুৱাৰী মাহ্ত প্ৰতিষ্ঠিত হৈছিল। সমগ্ৰ উত্তৰ পূব ভাৰতত এইটোৱেই একমাত্ৰ আঞ্চলিক বোলছবি আৰু দূৰদৰ্শনৰ কাৰ্য্যসুচী নিৰ্মাণৰ শৈক্ষিক প্ৰতিষ্ঠান। উত্তৰ পূব ভাৰতৰ ৰাজ্য সমূহৰ শিক্ষাৰ্থী সকলে বোলছবি নিৰ্মাণৰ বিভিন্ন দিশত ইয়াত শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰে। বৰ্তমান এই প্ৰতিষ্ঠানটি দেশৰ ভিতৰতে এক অগ্ৰনী প্ৰতিষ্ঠান।আমাৰ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থী সকলৰ সামগ্ৰিক উন্নয়্ন আৰু পাৰস্পৰিক ব্যৱহাৰিক প্ৰশিক্ষণৰ মাধ্যমেৰে দেশৰ বোলছবি নিৰ্মাণৰ ক্ষেত্ৰখনত ধাৰণক্ষম ভৱিষ্যত উত্তৰণৰ বাবে গুৰুত্ব প্ৰদান কৰে। আমন্ত্ৰিত প্ৰবক্তা, ষ্টুডিঅ’ আৰু পৰীক্ষাগাৰ ভ্ৰমণ, কৰ্মশালা, আলোচনা চক্ৰ, বোলছবি মহোৎসৱত অংশগ্ৰহণ ইত্যাদিৰ যোগেদি এক ঘনিষ্ঠ কাৰ্য্যতন্ত্ৰ প্ৰনালী-প্ৰতিষ্ঠান-আন্তঃপৃষ্ঠ নিশ্চিত কৰা হয়।

    অনূমোদন আৰু স্বীকৃতি

     ১. ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী বোলছবি আৰু দূৰদৰ্শন প্ৰতিষ্ঠানটি ভাৰত চৰকাৰৰ মানব সম্পদ উন্নয়ন বিভাগৰ F. No.750-72-010(E)/ET/99 dated23rd July1999 নিৰ্দশনা যোগে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ দ্বাৰা অনূমোদিত।

    ২. প্ৰতিষ্ঠানটি ৰাজ্যিক কাৰিকৰী শিক্ষা পৰিষদৰ SCTE–7 /99/260 – 6 / dated Ghy. 6th March2000 পত্ৰৰ  দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।