মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

ছাত্ৰৰ সৃজনীশীল অঞ্চল

ড০ ভূপেন হাজৰিকাৰ আঞ্চলিক চৰকাৰী প্ৰশিক্ষণ চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ ছাত্ৰসকলক তেওঁলোকৰ প্ৰশিক্ষণৰ কালছোৱাত ছবি নিৰ্মাণৰ কামত পাকৈত কৰি তুলিবলৈ ভালেকেইটা সৃজনীশীল কামৰ মাজেদি লৈ অহা হয়।

ডিপ্লোমা ছবি

শৈক্ষিক পাঠ্যক্ৰমৰ অং হিচাপে প্ৰতি বছৰে ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ অন্তিম বৰ্ষৰ ছাত্ৰসকলে যৌথভাৱে প্ৰায় ২০ মিনিটৰ এখন ডিপ্লোমা ছবি প্ৰস্তুত কৰে। আগতে এই ছবিখন চেলুলয়ডত বনোৱা হৈছিল, কিন্তু আজিকালি বিশ্বমানৰ ডিজিটেল কেমেৰাৰে ডিজিটেল পদ্ধতিৰে শ্বুটিং কৰা হয়। ছবিখনৰ ধাৰণা কৰাৰ পৰা অন্তিম অৱস্থালৈ DBHRGFTIৰ ষষ্ঠ চেমিষ্টাৰৰ ছাত্ৰসকলে এজন অধ্যাপকৰ তত্ত্বাৱধানত ছবিখন সম্পূৰ্ণ কৰে।

তথ্যচিত্ৰ আৰু টেলি ফিল্ম

ছাত্ৰসকলে ছবি বনোৱাৰ মূল কথাবিলাক জানি উঠাৰ পিছত তেওঁলোকৰ শৈক্ষিক পাঠ্যক্ৰমৰ অংশ হিচাপে চুটি তথ্যচিত্ৰ আৰু টেলি ফিল্ম বনাবলৈ প্ৰতিষ্ঠানে উত্সাহ যোগায়।

দেৱাল পত্ৰিকা

প্ৰতিষ্ঠিত শিল্পী প্ৰাঞ্জল শইকীয়াৰ দ্বাৰা দেৱাল পত্ৰিকা ‘মন্টেজ’ উন্মোচন

ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানেৰ ছাত্ৰসকলে সৃষ্টি কৰা আৰু সম্পাদনা কৰা মন্টাজ নামৰ দেৱাল পত্ৰকাখনত ছাত্ৰসকলৰ সাহিত্যিক প্ৰতিভা প্ৰতিফলিত হৈছে। এই পত্ৰিকাত ছবিৰ ওপৰত চুটি গল্প, কবিতা আৰু চিত্ৰ আদি থাকে।

কেমেৰাৰ ওচৰত অভিনয়

প্ৰাৰম্ভিক অৱস্থাত প্ৰায়োগিক অভিনয় বিভাগৰ ছাত্ৰসকলে অভিজ্ঞ অধ্যাপকৰ তত্বাৱধানত বিভিন্ন দৃশ্যত অভিনয় কৰে। পিছত তেওঁলোকে বিখ্যাত নিৰ্দেশকসকলৰ সৈতে কেমেৰাৰ সন্মুখত ছবিত অভিনয়ৰ আখৰা কৰে। প্ৰতি বছৰে তেওঁলোকে ডিপ্লোমা ছবিত অভিনেতা হিচাপে অভিনয় কৰে।