মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

উত্সৱ, কৰ্মশালা আৰু আলোচনাচক্ৰ

নিয়মিত শৈক্ষিক পাঠ্যক্ৰমৰ বাহিৰেও ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানে ছাত্ৰসকলৰ সামূহিকভাৱে উন্নয়ন হোৱাটো বিচাৰে। এই উদ্দেশ্য মনত ৰাখিয়েই ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানে সময়ে সময়ে ছবিৰ মহোত্সৱ, কৰ্মশালা আৰু আলোচনাচক্ৰ অনুষ্ঠিত কৰে। এিবিলাকে অকল ছাত্ৰসকলৰ ধীশক্তি আৰু নান্দনিকতা বৃদ্ধি কৰাই নহয়, ই গুৱাহাটীৰ ছবিপ্ৰেমীসকলৰ বাবে একোখন অৰ্থবহ ছবি উপভোগ কৰিবলৈ এখন মঞ্চও সজাই দিয়ে।

GIFF, গুৱাহাটী আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেলখন জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ)ৰ লগত ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰে। এই মহোত্সৱখন ২০১৭ চনৰ ২৮ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ গুৱাহাটীৰ দুঠাইত অনুষ্ঠিত হব – শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅত।

তথ্যচিত্ৰ মহোত্সৱ(Documentary Film Festival)

ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান আৰু ফিল্ম ডিভিজন অব ইণ্ডিয়াই যুটীয়াভাৱে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ২০১৭ চনৰ ২১ৰ পৰা ২৪ জুনলৈ আয়োজন কৰা ১ম গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোত্সৱত প্ৰদৰ্শন কৰা কিছুমান বিৰল তথ্যচিত্ৰ উপভোগ কৰাৰ সুযোগ গুৱাহাটীৰ চলচ্চিত্ৰপ্ৰেমীসকলে পায়। সঁচা অৰ্থত কবলৈ গলে মহোত্সৱত প্ৰদৰ্শন কৰা মানদণ্ডৰ ছবিবিলাকৰ পৰা মহোত্সৱখন সঁচাকৈয়ে আন্তৰ্জাতিক মানদণ্ডৰ আছিল। সৰ্বমুঠ ২৭খন তথ্যচিত্ৰ আৰু চুটি চিনেমা মহোত্সৱত দেখুওৱা হৈছিল। প্ৰদৰ্শিত ছবিসমূহ বৰ সাৱধানে শ্ৰেষ্ঠ ভাৰতীয় আৰু আন্তৰ্জাতিক পৰ্যায়ৰ ছবিৰ মাজৰ পৰা নিৰ্বাচন কৰা হৈছিল। অসমীয়াৰো মাত্ৰ কেইখনমান তথ্যচিত্ৰ তাৰ লগত প্ৰদৰ্শন কৰা হৈছিল। ভাৰতীয় চলচ্চিত্ৰৰ বিশিষ্ট ব্যক্তি জাহ্নু বৰুৱা, গিৰীশ কাচাৰাভাল্লী আৰু ড০ জব্বৰ পেটেল মহোত্সৱত উপস্থিত আছিল, মহোত্সৱত গিৰীশ কাচাৰাভাল্লী আৰু ড০ জব্বৰ পেটেলে দিয়া জ্ঞানগৰ্ভ বৰ্কতৃতাই মহোত্সৱক এটা বিশেষ মাত্ৰা প্ৰদান কৰিছিল। মহোত্সৱৰ লগত সংগতি ৰাখি ফিল্ম ডিভিজনে এখন সৰু বিপণীৰ ব্যৱস্থা কৰিছিল, যত চলচ্চিত্ৰ প্ৰেমীসকলে নিজৰ পচন্দৰ এখন ছবি ক্ৰয় কৰিব পাৰে। অসমৰ মহামান্য ৰাজ্যপাল হিজ এক্সেলেন্সী শ্ৰী বনৱাৰিলাল পুৰোহিত মহাশয়ে মহোত্সৱখন উদ্বোধন কৰিছিল। আন আন বিশিষ্ট ব্যক্তিসকল, যেনে- অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী ভি.বি. প্যাৰেলাল, জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ) সন্থাৰ অধ্যক্ষ শ্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, চলচ্চিত্ৰ বিভাগৰ সঞ্চালক প্ৰধান শ্ৰী মনীষ দেশাই, সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব শ্ৰী প্ৰীতম শইকীয়া আৰু চলচ্চিত্ৰ বিভাগৰ প্ৰশাসনৰ সঞ্চালিক শ্ৰীমতী স্বাতী পাণ্ডেও তাত উপস্থিত আছিল। ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ সঞ্চালিকা শ্ৰীমতী মণিতা বৰগোঁহাঞিয়ে সকলোকে স্বাগতম জনায় আৰু চলচ্চিত্ৰ বিভাগে এই মহোত্সৱখন গুৱাহাটীত পতা বাবে ধন্যবাদ জনায় লগতে আশা কৰে যে ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানত যেন বাৰ্ষিক এই মহোত্সৱখন অনুষ্ঠিত হয়।

Click to open GIFF website

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা বিকাশ দেশাইৰ লগত বাৰ্তালাপ –

ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা বিকাশ দেশাই

২০১৭ চনৰ ৯ মে তাৰিখে এফটিআই, পুণেৰ প্ৰাক্তন ছাত্ৰ, চিত্ৰ নিৰ্মাতা বিকাশ দেশাই ডাঙৰীয়াই ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান দৰ্শন কৰে আৰু সঞ্চালক, অধ্যাপকসকল আৰু চাত্ৰসকলৰ লগত বাৰ্তালাপ কৰে। ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ ছাত্ৰসকলৰ লগত অদূৰ ভৱিষ্যতে এসপ্তাহ জোৰা চিত্ৰ নিৰ্মাণৰ কৰ্মশালা পাতিবলৈ আশা কৰে।

ই-লাৰ্নিং – প্ৰত্যাহ্বান আৰু সুযোগৰ ওপৰত শিক্ষকৰ প্ৰশিক্ষণৰ কৰ্মশালা –

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু ব্ৰিটিছ কাউন্সিলৰ সহযোগত সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত ২০১৭ চনৰ ৩ মে তাৰিখে ই-লাৰ্নিং প্ৰত্যাহ্বান আৰু সুযোগ শিতানৰ ওপৰত শিক্ষকসকলৰ প্ৰশিক্ষণৰ বাবে এদিনীয়া কৰ্মশালা এখন অনুষ্ঠিত কৰে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰি ৫৮জন প্ৰতিনিধিয়ে এই কৰ্মশালাত যোগদান কৰে। অসম চৰকাৰৰ হৈ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী ভি.বি. প্যাৰেলাল, সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব শ্ৰী প্ৰীতম শইকীয়া আৰু উচ্চ শিক্ষা বিভাগৰ সচিব শ্ৰীমতী কৃষ্ণা গোঁহাঞি এই কৰ্মশালাৰ উদ্বোধনী সভাত উপস্থিত আছিল। সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ অধ্যক্ষ অধ্যাপক অনিল সহস্ৰবুদ্ধে, মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ আৰ.টি. সচিব মিঃ বিনয় শীল ওবেৰয়, ব্ৰিটিছ কাউন্সিলৰ ড০ পাৰুল গোহা আদি এইখন সভাত উপস্থিত আছিল আৰু বহুমূলীয়া বক্তৃতা দিছিল। সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ সঞ্চালক ড০ হৰপ্ৰীত সিং মান্নাই সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ হৈ কৰ্মশালাখন পৰিচালনা কৰে। ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানৰ সঞ্চালিকা শ্ৰীমতী মণিতা বৰগোঁহাঞিয়ে বিশিষ্ট লোকসকলক স্বাগতম জনায় আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিষ্ঠানত কৰ্মশালাখন অনুষ্ঠিত কৰাৰ বাবে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদক ধন্যবাদ জ্ঞাপন কৰে।